JCC DIGITAL

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী:
২০২৫–২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ১০ মাহত কামৰূপ (মে’ট্ৰ’) জিলাৰ জিলা পৰিবহণ বিষয়া (DTO)ৰ কাৰ্যালয়ে বাহন-সম্পৰ্কীয় ৰাজহ হিচাপে ৰেকৰ্ড ₹৫০৬ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ তুলনাত পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষ ২০২৪–২৫ৰ একে সময়ছোৱাত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ₹৪৩৫ কোটি টকা। চলিত বৰ্ষতো এই অভূতপূৰ্ব সফলতা লাভ কৰাত বিভাগটোৰ বিষয়া আৰু কৰ্মচাৰীসকল যথেষ্ট উৎসাহিত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, বিশেষ দায়িত্বপ্ৰাপ্ত পৰিবহণ বিষয়া তথা কামৰূপ (মে’ট্ৰ’) জিলাৰ অতিৰিক্ত দায়িত্বত থকা জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্ত্বাৱধানত বিভাগটোৱে এই ৰাজহ সংগ্ৰহত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে।

এজন জ্যেষ্ঠ পৰিবহণ বিষয়াই জনোৱা মতে, নিবন্ধন আৰু অনুজ্ঞাপত্ৰ কাৰ্যালয়, আঞ্চলিক পৰিবহণ কাৰ্যালয় (RTO) আৰু প্ৰৱৰ্তন পৰিদৰ্শকৰ কাৰ্যালয়ৰ সমন্বিত প্ৰচেষ্টাৰ ফলতেই এই সফলতা সম্ভৱ হৈছে।

ইফালে, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তন) হিমাংশু দাসৰ নেতৃত্বত শেহতীয়াকৈ বহুজাতিক কোম্পানি, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ভাৰবাহী বাহনৰ বিৰুদ্ধে পথ সুৰক্ষাৰ স্বাৰ্থত দিন-ৰাতি ধৰি কেইবাটাও প্ৰৱৰ্তন অভিযান চলোৱা হৈছে বুলিও জানিবলৈ দিয়ে বিষয়াসকলে।

তাৰোপৰি, সাধাৰণ লোকৰ বাহন-সম্পৰ্কীয় সমস্যা দ্রুত সমাধানৰ উদ্দেশ্যে DTO কাৰ্যালয়ত প্ৰতি মাহে নিয়মিতভাৱে বিশেষ জনসেৱা মাহ কাৰ্যসূচী আয়োজন কৰা হৈছে। লগতে, “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে মহানগৰ জিলাৰ বিভিন্ন স্থানত জনসাধাৰণলৈ সেৱা আগবঢ়োৱা হৈছে।

ইয়াৰ উপৰিও, সংলগ্ন জিলাসমূহত সহকাৰী পৰিবহণ বিষয়াসকলক নিয়োজিত কৰি বাহন-সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কৰাৰ লগতে জনসাধাৰণক সুৰক্ষিত পৰিবহণ ব্যৱহাৰৰ বাবে সচেতন কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বিভাগটোৱে।

— JCC Digital, Jagiroad

Leave a Comment