JCC DIGITAL

চিনেমাৰ কাহিনীৰ দৰে হিমাচলৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীক

চিনেমাৰ কাহিনীৰ দৰে হিমাচলৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীক।

দিল্লী আৰক্ষীয়ে হিমাচল আৰক্ষীক কোনো ধৰণৰ অৱগত নকৰাকৈয়ে তিনিজন ভাৰতীয় যুৱ কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ হিমাচল প্ৰদেশলৈ গৈছিল, AI summit ত প্ৰতিবাদ কৰা বাবে।

দিল্লী আৰক্ষীৰ বিষয়াসকলে সাধাৰণ পোছাকত হিমাচলত ঘূৰি ফুৰিছিল।

তেওঁলোকে তিনিজন IYC কৰ্মীক গ্ৰেপ্তাৰ কৰি দিল্লীলৈ উভতি আহি থকা অৱস্থাতে হিমাচল আৰক্ষীয়ে দিল্লী আৰক্ষীৰ দলটোক বাধা দিয়ে। হিমাচল আৰক্ষীয়ে IYC কৰ্মীকেইজনক মুকলি কৰি দিয়ে আৰু ৰাজ্যখনত অবৈধভাৱে গ্ৰেপ্তাৰ কৰাৰ বাবে দিল্লী আৰক্ষীৰ ২০ জন বিষয়াক আটক কৰে।

হিমাচল প্ৰদেশৰ পৰা তিনিজন লোকক অপহৰণ কৰাৰ অভিযোগত হিমাচল আৰক্ষীয়ে দিল্লী আৰক্ষীৰ বিৰুদ্ধে এখন FIR পঞ্জীয়ন কৰিছে।

এই কথাই প্ৰমাণ কৰে আইন সকলোৰে বাবে সমান। আৰক্ষীয়ে নিজ ইচ্ছা অনুসৰি যিকোনো ঠাইৰ পৰা কাকো গ্ৰেপ্তাৰ কৰিব নোৱাৰে।

Leave a Comment