প্ৰেম মানে কেৱল আই লাভ ইউ নহয়, প্ৰেম মানে ত্যাগ আৰু সংগ্ৰামো! 🥺
ঘটনাটো আছিল এনেকুৱা— এজনী ছোৱালীয়ে Swiggy-ৰ পৰা পিজ্জা অৰ্ডাৰ দিছিল। কিন্তু যেতিয়া ডেলিভাৰী ল’ৰা জন আহি তাইৰ দুৱাৰমুখত থিয় হ’ল, তাই আচৰিত হৈ পৰিল। কাৰণ সেই ডেলিভাৰী ল’ৰাজন আন কোনো নহয়, আছিল তাইৰ নিজৰ প্ৰিয়জন ।
তাইক দেখাৰ লগে লগে ল’ৰাজনৰ মুখত এটা অসহায় হাঁহি বিৰিঙি উঠিল। ছোৱালীজনী আৱেগিক হৈ পৰিল আৰু চকুপানী টুকি ক’লে— “তই সেইটো কাৰণে ৰাতি মোৰ লগত কথা নাপাত? ইমান কষ্ট তই কাৰ কাৰণে কৰিছ?”
এই কাহিনীটোৱে আমাক কিছুমান ডাঙৰ শিক্ষা দিয়ে:

- প্ৰেমত কেতিয়াবা এজনৰ সপোন পূৰণ কৰিবলৈ আনজনে নীৰৱে সংগ্ৰাম কৰে।
- কোনো কামেই সৰু নহয়, যদিহে সেই কামৰ আঁৰত কাৰোবাক সুখী কৰাৰ পৱিত্ৰ উদ্দেশ্য থাকে।
- আচল প্ৰেমিক সেইজনেই, যিয়ে নিজৰ কষ্টৰ কথা লুকুৱাই থৈ প্ৰিয়জনৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ দিন-ৰাতি এক কৰে।
এনেকুৱা এজন সংগ্ৰামী সংগী ভাগ্যত থাকিলেহে পোৱা যায়। যিয়ে পৰিস্থিতি যিয়েই নহওক, হাৰ মানিব নিশিকে।
এই যুটীটোৰ এই পৱিত্ৰ মৰম আৰু ল’ৰাজনৰ কৰ্মঠ মানসিকতাক এটা চেল্যুট। তেওঁলোকৰ প্ৰেম সদায় এনেকৈয়ে অটুট থাকক