২০২৫ চনৰ জুলাই মাহত জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ পোৱালী—নাম পাঞ্চ জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ। জন্মৰ মুহূৰ্তটো আনন্দৰ হ’ব লাগিছিল যদিও, ভাগ্যই পাঞ্চৰ বাবে আনিছিল এক কঠিন আৰম্ভণি। জন্মৰ পিছতেই তাৰ মাকে তাক ত্যাগ কৰে। জীৱনৰ একেবাৰে আৰম্ভণিতেই মাকৰ মৰম, উষ্ণতা আৰু সুৰক্ষাৰ পৰা বঞ্চিত হৈ সৰু পাঞ্চ এক নিৰ্জন বাস্তৱতাৰ সন্মুখীন হয়।

চিৰিয়াখানাৰ কৰ্মচাৰীসকলে পাঞ্চৰ এই অৱস্থা গভীৰভাৱে লক্ষ্য কৰে। মাকৰ সংস্পৰ্শ অবিহনে এটি পোৱালীৰ মানসিক আৰু শাৰীৰিক বিকাশত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁলোকে জানিছিল। সেইকাৰণে তেওঁলোকে পাঞ্চৰ বাবে মানসিক সান্ত্বনাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয়।
এই উদ্দেশ্যে তেওঁলোকে পাঞ্চক দিয়ে এটা ডাঙৰ, কোমল আৰু মৰমলগা পুতলা—IKEA Djungelskog অৰাংউটাং। সাধাৰণতে এই পুতলাটো শিশু সকলৰ খেলনা হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু পাঞ্চৰ বাবে এইটো হৈ পৰে কেৱল খেলনা নহয়, বৰঞ্চ মাকৰ বিকল্প এক আশ্ৰয়।

প্ৰথমতে পাঞ্চে পুতলাটোক কৌতূহলভাৱে চাইছিল। লাহে লাহে সি পুতলাটোৰ কাষ চাপি আহিবলৈ ধৰে। পাঞ্চে পুতলাটোক সাৱটি ধৰি থাকে । যেনেকৈ এটি শিশুৱে নিজৰ মাকৰ কোলাত আশ্ৰয় লয়, ঠিক তেনেকৈ পাঞ্চে পুতলাটোক বুকুত চেপি ধৰে, কেতিয়াবা তাৰ কাষতে বহি থাকে, আন কেতিয়াবা তাৰ গাত মূৰ ৰাখি টোপনি যায়।
কৰ্মচাৰীসকলে লক্ষ্য কৰিছে যে পুতলাটো পোৱাৰ পিছত পাঞ্চৰ আচৰণত ইতিবাচক পৰিবর্তন আহিছে। আগতে যি পাঞ্চ অস্থিৰ আৰু আতংকিত যেন লাগিছিল, এতিয়া সি কিছু অধিক শান্ত আৰু নিৰাপদ অনুভৱ কৰে। পুতলাটো যেন তাৰ বাবে এক মানসিক সম্বল, এক নীৰৱ সঙ্গী।

এই হৃদয়স্পৰ্শী দৃশ্যবোৰ এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত চৰ্চিত হৈ পৰিছে। পাঞ্চে পুতলাটোক সাৱটি ধৰি থকা ছবি আৰু ভিডিঅ’ বিশ্বজুৰি অসংখ্য মানুহে শ্বেয়াৰ কৰিছে।
সৰু পাঞ্চৰ কাহিনীয়ে এটা গভীৰ বাৰ্তা বহন কৰে। মমতা, যত্ন আৰু স্নেহ—এইবোৰ কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নহয়। জীৱ-জন্তুৰ বাবেও এইবোৰ সমানেই প্ৰয়োজনীয়। কেতিয়াবা এটা সৰু কোমল পুতলাও হ’ব পাৰে এটা সৰু জীৱনৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। পাঞ্চৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে—মৰমেই হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী শক্তি।