JCC DIGITAL

তপা স্বামীৰ গাভৰু পত্নী

তপা স্বামীৰ গাভৰু পত্নী

তপা স্বামীৰ গাভৰু পত্নী

“হয়, মোৰ স্বামী দেখাত ধুনীয়া নহয়৷ কিন্তু মই তেওঁৰ সৈতে একমাত্ৰ পইচাৰ বাবেহে বিয়া হৈছোঁ৷ তেওঁ কোটিপতি ব্যৱসায়ী৷ সেয়ে তপা হ’লেও তেওঁৰ সৈতে মই সংসাৰ কৰিছোঁ৷”- স্বামীৰ সন্মুখতে এগৰাকী মহিলাই দিলে এই স্বীকাৰোক্তি৷ বেচেৰা গিৰিয়েকে মুখ মেলি আচৰিত হৈ শুনি থাকিল৷ তেওঁৰ গাভৰু সুন্দৰী পত্নীয়ে এফালৰ পৰা কৈ গ’ল বিয়াৰ হোৱাৰ ৰহস্য৷ কেৱল চহকী হোৱাৰ বাবেহে তেওঁ তপা স্বামীৰ সৈতে বিবাহত আবদ্ধ হৈছিল বুলি ক’বলৈ মহিলাগৰাকীয়ে অকণো সংকোচেই নকৰিলে৷
দেখাত সুখীৰ দৰেই লগা দম্পত্তিৰ সৈতে এজন ভ্লগাৰে সাক্ষাৎকাৰ লৈছিল৷ তেতিয়া মহিলাগৰাকীক প্ৰশ্নকৰ্তাই সুধিছিল বিবাহৰ কাৰণ৷ তেওঁৰ সৈতে স্বামীৰ বয়সৰ পাৰ্থক্যৰ কথাও ওলাইছিল৷ তেতিয়া সুন্দৰী মহিলাই খোলাখোলিকৈ কৈ দিলে তেওঁ দৰা পছন্দ কৰাৰ ৰহস্য৷ মূৰত চুলি নাথাকিলেও বেংক একাউণ্টত অগাধ ধন থকা বাবেই তেওঁ সেইজন পুৰুষক জীৱনসংগী হিচাপে বাছনি কৰা বুলি তেওঁ সকলোৰে সন্মুখতে কৈ দিলে৷ পত্নীৰ কথা শুনি স্তম্ভিত হৈ পৰিল পুৰুষজন৷ তথাপি হাঁহি মাৰি তেওঁ শুনিলে গাভৰু পত্নীৰ ধনৰ প্ৰতি লোভৰ কথা৷ ধন দিব নোৱাৰিলে পত্নী যে তেওঁৰ কাষত নাথাকে সেইটো গম পাই স্বামীৰ মুখখন একেবাৰে ক’লা পৰি গ’ল৷
দিল্লীৰ যুৱতীগৰাকী অৱশ্যে ২৪ বয়সীয়া৷ কিন্তু তেওঁৰ স্বামীৰ বয়স প্ৰায় ৫৬ বছৰৰ ৷ সেয়ে প্ৰথমে তেওঁ যুৱকজনৰ সৈতে বিয়া হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছিল৷ বয়সৰ প্ৰায় ৩২ বছৰ পাৰ্থক্য থকা বাবে বিয়া নহওঁ বুলি ঘৰতো জনাই দিছিল সুন্দৰীয়ে৷ কিন্তু তেতিয়া তেওঁ গম পালে দৰাৰ বেংক একাউণ্টৰ কথা৷ কোটিপতি বিজনেছমেন লোকজনে তেওঁক সঘনাই বিদেশ ফুৰাবলৈ নিব পাৰিব বুলি যুৱতীগৰাকীয়ে গম পালে৷ ক্ৰেডিট কাৰ্ডো পৰীক্ষা কৰাৰ পিছত কোটিপতি দৰাক পছন্দ হোৱা বুলি কৈ দিলে সেইগৰাকী যুৱতীয়ে৷ কেৱল ধনৰ বাবে অপছন্দৰ যুৱকৰ সৈতে তেওঁ বিয়াত বহিল৷
কিন্তু সেইটো কথা গোপন কৰি ৰাখিবলৈ তেওঁ ইচ্ছা কৰা নাই৷ সকলোৰে সন্মুখতে যুৱতীগৰাকীয়ে কৈছে টকাৰ বাবে বিয়া হোৱাৰ কথা৷ সুন্দৰীৰ মতে তেওঁৰ কেবাজনো প্ৰেমিক আছিল৷ সকলোবোৰ আছিল সমবয়সীয়া৷ কিন্তু প্ৰেমিকৰ হাতত স্বামীৰ দৰে পইচা নাছিল৷ গতিকে দেখাত তেওঁৰ সৈতে নিমিলিলেও কোটিপতি হোৱা বাবে তপা দৰাৰ সৈতে হোমৰ গুৰিত বহিবলৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ এতিয়া গিৰিয়েকৰ পৰা বিচাৰিলেই ধন লাভ কৰা বাবে মহিলাগৰাকী সুখী৷
তেওঁ স্বামীৰ ধনেৰে বিলাসী জীৱন কটোৱা বুলি সদৰী কৰিছে৷ মাহেকে-পষেকে বিদেশ ভ্ৰমণো কৰিছে গাভৰু সুন্দৰীয়ে৷ অৱশ্যে স্বামীৰ মূৰত চুলিয়েই নাই বুলি কেতিয়াবা তেওঁৰ মনত বেজাৰ লাগে৷ কিন্তু ধনেৰে চপচপীয়া হৈ থকা বেংক একাউণ্টৰ কথা ভাবিলেই বেজাৰ নোহোৱা হৈ যায়৷ সেয়ে গিৰিয়েকৰ সৈতে মহিলাগৰাকীয়ে প্ৰায়ে কৰে বিদেশ ভ্ৰমণ৷ তেওঁ ঘৰতো কৰিব নালাগে একো কাম৷ কোটিপতি স্বামীৰ ঘৰত থকা সহায়কেই মুখৰ আগত খাদ্য দিয়ে৷ সেয়ে স্বামী তপা হ’লেও তেওঁ সুখী৷

সৌজন্য -সামাজিক মাধ্যম

প্ৰেম মানে কেৱল আই লাভ ইউ নহয়, প্ৰেম মানে ত্যাগ আৰু সংগ্ৰামো! 🥺

প্ৰেম মানে কেৱল আই লাভ ইউ নহয়, প্ৰেম মানে ত্যাগ আৰু সংগ্ৰামো

প্ৰেম মানে কেৱল আই লাভ ইউ নহয়, প্ৰেম মানে ত্যাগ আৰু সংগ্ৰামো! 🥺

ঘটনাটো আছিল এনেকুৱা— এজনী ছোৱালীয়ে Swiggy-ৰ পৰা পিজ্জা অৰ্ডাৰ দিছিল। কিন্তু যেতিয়া ডেলিভাৰী ল’ৰা জন আহি তাইৰ দুৱাৰমুখত থিয় হ’ল, তাই আচৰিত হৈ পৰিল। কাৰণ সেই ডেলিভাৰী ল’ৰাজন আন কোনো নহয়, আছিল তাইৰ নিজৰ প্ৰিয়জন ।
তাইক দেখাৰ লগে লগে ল’ৰাজনৰ মুখত এটা অসহায় হাঁহি বিৰিঙি উঠিল। ছোৱালীজনী আৱেগিক হৈ পৰিল আৰু চকুপানী টুকি ক’লে— “তই সেইটো কাৰণে ৰাতি মোৰ লগত কথা নাপাত? ইমান কষ্ট তই কাৰ কাৰণে কৰিছ?”
এই কাহিনীটোৱে আমাক কিছুমান ডাঙৰ শিক্ষা দিয়ে:

  • প্ৰেমত কেতিয়াবা এজনৰ সপোন পূৰণ কৰিবলৈ আনজনে নীৰৱে সংগ্ৰাম কৰে।
  • কোনো কামেই সৰু নহয়, যদিহে সেই কামৰ আঁৰত কাৰোবাক সুখী কৰাৰ পৱিত্ৰ উদ্দেশ্য থাকে।
  • আচল প্ৰেমিক সেইজনেই, যিয়ে নিজৰ কষ্টৰ কথা লুকুৱাই থৈ প্ৰিয়জনৰ প্ৰতিটো প্ৰয়োজন পূৰণ কৰিবলৈ দিন-ৰাতি এক কৰে।
    এনেকুৱা এজন সংগ্ৰামী সংগী ভাগ্যত থাকিলেহে পোৱা যায়। যিয়ে পৰিস্থিতি যিয়েই নহওক, হাৰ মানিব নিশিকে।
    এই যুটীটোৰ এই পৱিত্ৰ মৰম আৰু ল’ৰাজনৰ কৰ্মঠ মানসিকতাক এটা চেল্যুট। তেওঁলোকৰ প্ৰেম সদায় এনেকৈয়ে অটুট থাকক

আজি প্ৰেমৰ দিন আৰু আজি ফাগুনৰো প্ৰথম দিন

আজি প্ৰেমৰ দিন
আজি বিশ্বাসৰ দিন
আজি আস্থাৰ দিন
আজি অনুভৱৰ দিন
আজি মন ফাগুনী চিলা হৈ উৰাৰ দিন

হয় আজি এটা বিশেষ দিন। কাৰোবাৰ বাবে প্ৰেমৰ দিন, আৰু আজি ফাগুনৰো প্ৰথম দিন।

হৃদয়ৱানসকলক পছোৱাৰ দৰে চুই যোৱা এটা শব্দ হৈছে প্ৰেম। প্ৰেমৰ বাবেই নিজকে সুকীয়াকৈ সজাব পাৰি। আনে কৰিব নোৱৰা বহু কাম বৰ সহজেই কৰিব পাৰি। আনকি প্ৰেমৰ বাবেই গীতৰ কলি গুণগুণাব পাৰি।কবিতাও লিখিব পাৰি। সেইবাবে চাগে কবিয়ে কৈছিল —
প্ৰেমত ঘূৰিছে ভূ- মণ্ডল
প্ৰেমত ফুলিছে শতদল।

আনহাতে প্ৰেমে হঁহুৱাই, প্ৰেমে কন্দুৱাই।প্ৰেমে পৃথিৱীক ভাল পাবলৈ শিকায়।প্ৰেমে শিকাই অভিমানৰ অধ্যায় পঢ়িবলৈ।প্ৰেম যে এনেকুৱাই।
সেইবাবে বহুতেই ভাৱে প্ৰেম উদ্ যাপনৰ বাবে বিশেষ দিন নিস্প্ৰয়োজন। প্ৰতিটো পলেই অনুভৱ কৰিব পাৰি প্ৰেমৰ মহত্ব, মাথোঁ প্ৰয়োজন দুখন হৃদয়ৰ আকুল আহ্বান …
কবিয়ে ক’বৰ দৰেই
-প্ৰেমৰ কোনো বিশেষ দিন নাথাকে
প্ৰেমৰ সেউজীয়া চোলাটো পিন্ধিবলে
দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ নকৰে হৃদয়ে
মাথোঁ প্ৰেমৰ অনুভূতি বৈ থাকে
খৰালিৰ কলং-কপিলীৰ দৰেই
নীৰলে
বুকুৱে বুকুৱে …
ফাগুনী পচোৱাজাকে
যেন তাকেই ক’লে
পলাশ-শিমলুৰ কাণে কাণে …

আনহাতে ধূসৰ জীৱনো ৰঙীণ কৰে বাবেই গোলাপৰ আছে সুকীয়া গুৰুত্ব। সেইবাবে চাগে গোলাপৰ আদান- প্ৰদানেৰে আৰম্ভ হয় প্ৰেমৰ সপ্তাহ। গোলাপৰ সুবাসত মতলীয়া, কিটকেট, ডায়েৰী মিল্কৰ সোৱাদত উন্মনা , প্ৰতিশ্ৰুতিৰ পাহাৰ বগোৱা কিমানৰ যে ভেলেণ্টাইন হোৱাৰ দুৰন্ত বাসনা … চকুৰ পচাৰতে হৈ পৰে ‘বাবু আৰু মাইনা’…লাইক -কমেণ্টৰ বৰষুণত জীপাল হয় ফে’চবুক উপত্যকা…

ইফালে সময়ৰ আঁচোৰ লাগি, প্ৰযুক্তিৰ প্ৰভাৱত সম্প্ৰতি প্ৰেমৰ সম্পৰ্কত ঘূণে ধৰিবলৈ লৈছে। একাংশ বাবু- মাইনাৰ দৌৰাত্মত প্ৰেমৰ প্ৰতি বহুতৰেই বিতৃষ্ণা উপজিছে। আজিৰ তাৰিখত বহুতেই বৰ সহজেই চিঙিব পাৰে প্ৰেমৰ বান্ধোন। পিছে প্ৰেম জানো ইমান তৰল ! কবি কীটচৰ ভাষাৰেই – মই মৃত্যুৰ কথা কল্পনা কৰিবলৈ পাৰোঁ কিন্তু তুমি মোক এৰি যোৱাৰ কথাই কল্পনা ই কৰিব নোৱাৰোঁ।”

অৱশ্যে তাৰমাজতো সঁচা প্ৰেম আজিয়ো আছে। নিৰাশাৰ আচ্ছাদন ফালি এআকাশ প্ৰেৰণা সিচি, যিয়ে সলাই দিব পাৰে প্ৰেমাস্পদৰ জীৱনৰ গতি। হাজাৰ ধুমুহাৰ মাজতো প্ৰেমাস্পদৰ হাতত ধৰি কণ্টকময় জীৱনৰ বাটত আশাৰ তাজমহল সাজি আগবাঢ়িব খোজে এখুজি দুখুজি … সেইবাবে চাগে কবিয়ে কৈছে-
প্ৰেম জানো শেলুৱৈ
য’তে ত’তে গজি উঠিবলে
প্ৰেম জীৱন চাকিৰ শলিতা
যিয়ে পোহৰাই তোলে
মৃত্যু উপত্যকা !