তপা স্বামীৰ গাভৰু পত্নী
“হয়, মোৰ স্বামী দেখাত ধুনীয়া নহয়৷ কিন্তু মই তেওঁৰ সৈতে একমাত্ৰ পইচাৰ বাবেহে বিয়া হৈছোঁ৷ তেওঁ কোটিপতি ব্যৱসায়ী৷ সেয়ে তপা হ’লেও তেওঁৰ সৈতে মই সংসাৰ কৰিছোঁ৷”- স্বামীৰ সন্মুখতে এগৰাকী মহিলাই দিলে এই স্বীকাৰোক্তি৷ বেচেৰা গিৰিয়েকে মুখ মেলি আচৰিত হৈ শুনি থাকিল৷ তেওঁৰ গাভৰু সুন্দৰী পত্নীয়ে এফালৰ পৰা কৈ গ’ল বিয়াৰ হোৱাৰ ৰহস্য৷ কেৱল চহকী হোৱাৰ বাবেহে তেওঁ তপা স্বামীৰ সৈতে বিবাহত আবদ্ধ হৈছিল বুলি ক’বলৈ মহিলাগৰাকীয়ে অকণো সংকোচেই নকৰিলে৷
দেখাত সুখীৰ দৰেই লগা দম্পত্তিৰ সৈতে এজন ভ্লগাৰে সাক্ষাৎকাৰ লৈছিল৷ তেতিয়া মহিলাগৰাকীক প্ৰশ্নকৰ্তাই সুধিছিল বিবাহৰ কাৰণ৷ তেওঁৰ সৈতে স্বামীৰ বয়সৰ পাৰ্থক্যৰ কথাও ওলাইছিল৷ তেতিয়া সুন্দৰী মহিলাই খোলাখোলিকৈ কৈ দিলে তেওঁ দৰা পছন্দ কৰাৰ ৰহস্য৷ মূৰত চুলি নাথাকিলেও বেংক একাউণ্টত অগাধ ধন থকা বাবেই তেওঁ সেইজন পুৰুষক জীৱনসংগী হিচাপে বাছনি কৰা বুলি তেওঁ সকলোৰে সন্মুখতে কৈ দিলে৷ পত্নীৰ কথা শুনি স্তম্ভিত হৈ পৰিল পুৰুষজন৷ তথাপি হাঁহি মাৰি তেওঁ শুনিলে গাভৰু পত্নীৰ ধনৰ প্ৰতি লোভৰ কথা৷ ধন দিব নোৱাৰিলে পত্নী যে তেওঁৰ কাষত নাথাকে সেইটো গম পাই স্বামীৰ মুখখন একেবাৰে ক’লা পৰি গ’ল৷
দিল্লীৰ যুৱতীগৰাকী অৱশ্যে ২৪ বয়সীয়া৷ কিন্তু তেওঁৰ স্বামীৰ বয়স প্ৰায় ৫৬ বছৰৰ ৷ সেয়ে প্ৰথমে তেওঁ যুৱকজনৰ সৈতে বিয়া হ’বলৈ অনিচ্ছা প্ৰকাশ কৰিছিল৷ বয়সৰ প্ৰায় ৩২ বছৰ পাৰ্থক্য থকা বাবে বিয়া নহওঁ বুলি ঘৰতো জনাই দিছিল সুন্দৰীয়ে৷ কিন্তু তেতিয়া তেওঁ গম পালে দৰাৰ বেংক একাউণ্টৰ কথা৷ কোটিপতি বিজনেছমেন লোকজনে তেওঁক সঘনাই বিদেশ ফুৰাবলৈ নিব পাৰিব বুলি যুৱতীগৰাকীয়ে গম পালে৷ ক্ৰেডিট কাৰ্ডো পৰীক্ষা কৰাৰ পিছত কোটিপতি দৰাক পছন্দ হোৱা বুলি কৈ দিলে সেইগৰাকী যুৱতীয়ে৷ কেৱল ধনৰ বাবে অপছন্দৰ যুৱকৰ সৈতে তেওঁ বিয়াত বহিল৷
কিন্তু সেইটো কথা গোপন কৰি ৰাখিবলৈ তেওঁ ইচ্ছা কৰা নাই৷ সকলোৰে সন্মুখতে যুৱতীগৰাকীয়ে কৈছে টকাৰ বাবে বিয়া হোৱাৰ কথা৷ সুন্দৰীৰ মতে তেওঁৰ কেবাজনো প্ৰেমিক আছিল৷ সকলোবোৰ আছিল সমবয়সীয়া৷ কিন্তু প্ৰেমিকৰ হাতত স্বামীৰ দৰে পইচা নাছিল৷ গতিকে দেখাত তেওঁৰ সৈতে নিমিলিলেও কোটিপতি হোৱা বাবে তপা দৰাৰ সৈতে হোমৰ গুৰিত বহিবলৈ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে৷ এতিয়া গিৰিয়েকৰ পৰা বিচাৰিলেই ধন লাভ কৰা বাবে মহিলাগৰাকী সুখী৷
তেওঁ স্বামীৰ ধনেৰে বিলাসী জীৱন কটোৱা বুলি সদৰী কৰিছে৷ মাহেকে-পষেকে বিদেশ ভ্ৰমণো কৰিছে গাভৰু সুন্দৰীয়ে৷ অৱশ্যে স্বামীৰ মূৰত চুলিয়েই নাই বুলি কেতিয়াবা তেওঁৰ মনত বেজাৰ লাগে৷ কিন্তু ধনেৰে চপচপীয়া হৈ থকা বেংক একাউণ্টৰ কথা ভাবিলেই বেজাৰ নোহোৱা হৈ যায়৷ সেয়ে গিৰিয়েকৰ সৈতে মহিলাগৰাকীয়ে প্ৰায়ে কৰে বিদেশ ভ্ৰমণ৷ তেওঁ ঘৰতো কৰিব নালাগে একো কাম৷ কোটিপতি স্বামীৰ ঘৰত থকা সহায়কেই মুখৰ আগত খাদ্য দিয়ে৷ সেয়ে স্বামী তপা হ’লেও তেওঁ সুখী৷
সৌজন্য -সামাজিক মাধ্যম