JCC DIGITAL

এছ এছ চিৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ সংস্কাৰ

এছ এছ চিৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ সংস্কাৰ 📍 এতিয়াৰে পৰা খালী হৈ নাথাকিব চৰকাৰী পদ

এছ এছ চিৰ নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ সংস্কাৰ
📍 এতিয়াৰে পৰা খালী হৈ নাথাকিব চৰকাৰী পদ
📍 এছ এছ চিত অৱশেষত ৱেটিং লিষ্টৰ সুবিধা
📍 স্লাইডিং মেকানিজিমে সলনি কৰিব নিযুক্তিৰ প্ৰেক্ষাপট

ষ্টাফ ছিলেক্সন কমিছন চমুকৈ এছ এছ চি (SSC)য়ে চৰকাৰী চাকৰিৰ প্ৰত্যাশী যুৱপ্ৰজন্মৰ বাবে এক আশাৰ খবৰ কঢ়িয়াই আনিছে। আয়োগে নিযুক্তি প্ৰক্ৰিয়াত সঘনাই খালী হৈ ৰোৱা পদৰ সমস্যাটো স্থায়ীভাৱে দূৰ কৰিবলৈ “স্লাইডিং মেকানিজিম” (Sliding Mechanism) নামৰ এক নতুন ব্যৱস্থাৰ আনুষ্ঠানিক প্ৰৱৰ্তন কৰিছে। এই নতুন নিয়মৰ জৰিয়তে প্ৰাৰ্থীসকলে ৱেটিং লিষ্টৰ দৰেই সুবিধা লাভ কৰিব, যাৰ ফলত চৰকাৰী চাকৰি লাভ কৰাটো পূৰ্বতকৈ অধিক নিশ্চিত হৈ পৰিব।

দীৰ্ঘদিন ধৰি এছ এছ চিৰ নিযুক্তি প্ৰক্ৰিয়াত এটা ডাঙৰ আসোঁৱাহ দেখা গৈছিল। কঠোৰ পৰিশ্ৰমৰ অন্তত উত্তীৰ্ণ হোৱাৰ পাছতো বহু প্ৰাৰ্থীয়ে নথিপত্ৰ পৰীক্ষণৰ সময়ত উপস্থিত নাথাকে বা আন উন্নত চাকৰি পোৱাৰ বাবে যোগদান কৰাৰ পৰা বিৰত থাকে। ইয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ পদ খালী হৈ ৰৈছিল। পূৰ্বে এছ এছ চিৰ কোনো ৱেটিং লিষ্ট ব্যৱস্থা নথকাৰ বাবে এই খালী পদসমূহ পোনে পোনে পৰৱৰ্তী বৰ্ষৰ নিযুক্তি প্ৰক্ৰিয়ালৈ লৈ যোৱা হৈছিল, যিয়ে সংশ্লিষ্ট বৰ্ষটোৰ যোগ্য প্ৰাৰ্থীসকলক চৰম নিৰাশ কৰিছিল। এই ব্যৱস্থা ৰোধ কৰিবলৈ আৰু একেটা নিযুক্তি চক্ৰতে সৰ্বাধিক পদ পূৰণ কৰাৰ লক্ষ্যৰেই এছ এছ চিয়ে এই সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে।

নতুনকৈ প্ৰৱৰ্তিত এই স্লাইডিং মেকানিজিম প্ৰক্ৰিয়াটো কেইবাটাও নিৰ্দিষ্ট পৰ্যায়ত সম্পন্ন কৰা হ’ব। প্ৰথম অৱস্থাত বৰ্তমানৰ প্ৰচলিত নিয়ম অনুসৰিয়েই ‘ফাৰ্ষ্ট ৰাউণ্ড অৱ টেণ্টেটিভ এল’কেশ্বন’ প্ৰকাশ কৰা হ’ব আৰু প্ৰাৰ্থীসকলক তেওঁলোকৰ পছন্দৰ ভিত্তিত পদ প্ৰদান কৰা হ’ব। ইয়াৰ পাছতে প্ৰথম পৰ্যায়ত নাম অন্তৰ্ভুক্ত হোৱা ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত প্ৰায় দহ দিনৰ ভিতৰত এছ এছ চিৰ আঞ্চলিক কাৰ্যালয়ত সশৰীৰে উপস্থিত হৈ আধাৰ কাৰ্ডৰ জৰিয়তে নিজৰ পৰিচয় নিশ্চিতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

পৰিচয় নিশ্চিতকৰণৰ এই গুৰুত্বপূৰ্ণ সময়ছোৱাতেই প্ৰাৰ্থীসকলক ‘ফিক্স’ (FIX) আৰু ‘ফ্ল’ট’ (FLOAT) নামৰ দুটা বিশেষ বিকল্প আগবঢ়োৱা হ’ব। যদি কোনো প্ৰাৰ্থীয়ে নিজৰ আবণ্টিত পদটোক লৈ সম্পূৰ্ণৰূপে সন্তুষ্ট, তেন্তে তেওঁ ফিক্স বিকল্পটো বাছনি কৰিব পাৰিব, যাৰ পাছত তেওঁৰ পদৰ কোনো ধৰণৰ সালসলনি কৰা নহয়। আনহাতে, যদি কোনো প্ৰাৰ্থীয়ে খালী পদ সাপেক্ষে নিজৰ পছন্দৰ তালিকাৰ ওপৰৰ শাৰীৰ পদ লাভৰ আশা ৰাখে, তেন্তে তেওঁ ফ্ল’ট বিকল্প বাছনি কৰিব পাৰিব আৰু মেধাৰ ভিত্তিত তেওঁক উন্নত পদলৈ উন্নীত কৰাৰ সুযোগ প্ৰদান কৰা হ’ব। নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা অনাৰ সমান্তৰালভাৱে যোগ্য প্ৰাৰ্থীৰ অধিকাৰ সুৰক্ষিত কৰাত এই ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।