JCC DIGITAL

পৃথিৱীত ভাল মানুহৰ যে অভাৱ হোৱা নাই

দিল্লীৰ ৰোহিনী অঞ্চলৰ ২৬ নং ছেক্টৰৰ বাসিন্দা চান্দনী কুমাৰীয়ে নিজৰ পুৰণি ঘৰুৱা সামগ্ৰী বিক্ৰী কৰি থাকোঁতে এটা লোহাৰ আলমিৰা দি দিলে। পিছদিনা আলমিৰাটো কিনা ছেক্টৰ ১৬ৰ লোহা বটল কিনা আশ্ৰফ নামৰ মানুহটোৱে যেতিয়া আলমিৰাটো খুলিলে, তেতিয়া তেওঁ হতভম্ব হৈ পৰিল ভিতৰত এটা ষ্টীলৰ বাকচ। বাকচটো খুলি তেওঁ দেখিলে সোণৰ কাণফুলি, আঙঠি, মংগলসূত্ৰ, নাকফুলি আৰু প্ৰায় ২০ তোলা ৰূপৰ গহনা । অৱশ্যে গহনাখিনি নিজৰ বাবে ৰখাৰ পৰিৱৰ্তে আশ্ৰফে সঠিক মালিকক ঘূৰাই দিয়াৰ সিদ্ধান্ত ল’লে। নিজৰ মূল্যবান সামগ্ৰী খিনি ঘূৰাই পাই অভিভূত হৈ পৰিল আলমিৰাৰ গৰাকী।

এতিয়াও পৃথিৱীত ভাল মানুহৰ যে অভাৱ হোৱা নাই সেই কথাটোকে পুনৰবাৰ প্ৰমাণ কৰিলে আশ্ৰফ নামৰ এই সাধাৰণ ব্যক্তিগৰাকীয়ে।

Leave a Comment