JCC DIGITAL

মধ্য অসমৰ তিৱা সকলৰ বসন্ত কালত এক কৃষি কেন্দ্ৰিক উৎসৱ হৈছে ছগ্ৰা উৎসৱ

মধ্য অসমৰ তিৱা সকলৰ বসন্ত কালত এক কৃষি কেন্দ্ৰিক উৎসৱ হৈছে ছগ্ৰা উৎসৱ

বৰ্ণাঢ্য লোক কৃষ্টি-সংস্কৃতিৰে সমৃদ্ধ মধ্য অসমৰ তিৱা সকলৰ বসন্ত কালত এক কৃষি কেন্দ্ৰিক উৎসৱ হৈছে ছগ্ৰা উৎসৱ । প্ৰধানকৈ ফাগুন-চ’ত মাহত শিমলু, মদাৰ ফুল ফুলাৰ সময়ত এই উৎসৱ পালন কৰা হয় । পূৰ্বপুৰুষ সকলৰ পৰা মানি অহা জনবিশ্বাস অনুসৰি এই ছগ্ৰা পূজা বা ছগ্ৰা উৎসৱ পালন নকৰা পৰ্যন্ত তিৱা কৃষিজীৱী লোক সকলে পথাৰত হাল নাবাই বা মাটি চহ নকৰে। একেদৰে এই উৎসৱ সমাপন কৰিহে তেওঁ লোকে পথাৰত আহু বা বাও ধানৰ বীজ সিঁচাৰ নিয়ম । আনকি তেওঁলোকে এই ছগ্ৰা উৎসৱ পালন নকৰাকৈ বাৰীৰ তামোল পৰ্যন্ত নাখায় । আনহাতে গোভা দেউৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ লগত বিশেষ সম্পৰ্কিত এই উৎসৱত জোনবিল মেলাৰ পৰা বিনিময় কৰি অনা কেঁচা মাছ শুকুৱাই ৰাখি এই ছগ্ৰা পূজাত ব্যৱহাৰ কৰে । এই পূজাত কোনো ধৰণৰ বলি বিধান আদি দিয়া নহয় । উল্লেখযোগ্য যে তিৱা সকলৰ নিৰ্দিষ্ট ফৈদৰ লোক সকলেহে এই ছগ্ৰা উৎসৱ পালন কৰা দেখা যায় । পোনপ্ৰথমে পশ্চিম কাৰ্বি আংলং আৰু মেঘালয়ৰ ৰিভয় জিলাৰ আমচাই, মাৰ্জুং , আমজং আৰু লুংফুইপিনং অঞ্চলত এই ছগ্ৰা উৎসৱ পালন কৰাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য অঞ্চলত বসবাস কৰা তিৱা সকলে এই ফাগুন চ’ত মাহত এই উৎসৱ পালন কৰে । বিগত বৰ্ষ সমূহৰ দৰেই এইবেলিও


মধ্য অসমৰ জাগীৰোডৰ ডাবৰঘাটত ডাবৰঘাট চামাদি পৰিচালনা সমিতিৰ উদ্যোগত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই ছগ্ৰা উৎসৱত গাঁৱৰ মূৰব্বী সকলে পূজা পাৰ্বন আগবঢ়োৱাৰ পিছত গাঁৱৰ যুৱক-যুৱতী তথা শিল্পী দলসমূহে তেওঁ লোকৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি পিছতুৰিমা মিছৱা, ছগ্ৰা মিছৱা আদি কৃষিভিত্তিক বিভিন্ন নৃত্য-গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে ইয়াৰ লগত সংগতি ৰাখি কালি উদ্যোক্তা সকলে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত উৎসৱ স্থলীত নাহৰ গছৰ পুলি ৰোপণ কৰে। এই নাহৰ পুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে ডাবৰঘাটৰ অৱসৰপ্ৰাপ্ত শিক্ষক জিৰমল পাতৰে । সমান্তৰাল ভাৱে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মচৰঙে । এই কাৰ্যসূচীত অন্যান্য বিষয়ববীয়া সকলেও অংশগ্ৰহণ কৰে । একেদৰে জুবিন গাৰ্গৰ সোঁৱৰণত উচ্ছৰ্গা কৰাৰ উদ্দেশ্যে স্থায়ীভাৱে নিৰ্মাণ কৰা তিৱা সকলৰ পৰম্পৰাগত ন’বাৰ অৰ্থাৎ বৰঘৰ উদ্বোধন কৰে তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিয়ে । বৰঘৰ উদ্বোধন কৰি তিৱা নেতা আমচিয়ে তিৱা সকলৰ সংগীত নিৰ্মাণৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ বহুমূলীয়া অৱদানৰ বিষয়ে উল্লেখ কৰে । এই অনুষ্ঠানত তিৱা ছাত্ৰ সন্থাৰ আন এগৰাকী উপদেষ্টা প্ৰহ্লাদ মচৰং উপস্থিত থাকি কয় যে নানা জাতি উপজাতিৰে পৰিপুষ্ট আমি সকলোৱে অসমীয়া । কিন্তু বহু সময়ত একাংশ লোকে নিজকে তিৱা , বড়ো, কাৰ্বি, ডিমাছা, আহোম, মটক, কোচ ৰাজবংশী বুলি পৰিচয় দিহে ভাল পায় । তেওঁ লগতে কয় যে বহু সময়ত বহুতৰে ধৰ্মীয় বিশ্বাস, উপাসনা পদ্ধতি পৃথক হ’ব পাৰে, কিন্তু ইয়াৰ মাজতে আমি বৃহত্তৰ অসমীয়া জাতিটোক বচাই ৰাখিব লাগিব । তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মচৰঙে অসম চৰকাৰক আহ্বান জনাই কয় যে যি দৰে বিহুনাচ , বাগৰুম্বাক বিশ্ব দৰবাৰলৈ লৈ যোৱা হৈছে ঠিক একেদৰে তিৱা সকলৰ লাংখুন নৃত্যক বিশ্ব বাসীৰ সমুখত পৰিচয় কৰাই তিৱা সকলৰ চহকী সাংস্কৃতিক আগবঢ়াই নিবলৈ চৰকাৰক আহ্বান জনায় । এই ক্ষেত্ৰত তেওঁ তিৱা স্বায়ত্ত শাসিত পৰিষদক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈকো আহ্বান জনায়। অনুষ্ঠানত তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৰুণ মাদাৰ, অন্যান্য বিষয়ববীয়া বিদ্যা মিঠি, কন্দৰ্প হুকাই , প্ৰবীণ মিঠি, স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি সকল উপস্থিত থাকে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক নতুন পদক্ষেপ!

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক নতুন পদক্ষেপ!

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এক নতুন পদক্ষেপ! এতিয়া গুৱাহাটী ৰে’লৱে ষ্টেচনৰ ভিতৰতে যাত্ৰীসকলে লাভ কৰিব অত্যাধুনিক স্লিপিং পড (Sleeping Pods) আৰু বিলাসী জিৰণি চ’ৰাৰ সুবিধা। যাত্ৰীসকলৰ আৰাম আৰু গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই নতুন “Griham Transit” মুকলি কৰা হৈছে।

​বিশেষ সুবিধাসমূহ:

​√ স্লিপিং পড (Sleeping Pods): ইয়াত মুঠ ৮টা বিশ্বমানৰ প্ৰাইভেট পড আছে। এইবোৰ সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্ৰিত (Fully AC) আৰু ইয়াত এজন যাত্ৰীৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা আছে।

​√ পৰিয়াল আৰু দম্পতীৰ বাবে বিশেষ ব্যৱস্থা: ৮টা পডৰ ভিতৰত কিছুমান ‘Family Pods’ আৰু কিছুমান দম্পতীৰ বাবে (Couples) নিৰ্ধাৰণ কৰা হৈছে।

​√ Griham Restaurant: পডৰ লগতে ইয়াত এটা উন্নত মানৰ ৰেষ্টুৰেণ্টো মুকলি কৰা হৈছে, য’ত আপুনি সুস্বাদু খাদ্য লাভ কৰিব।

​√ Dressing & Luggage Room: কাপোৰ সলনি কৰিবলৈ বিশেষ ড্ৰেচিং ৰুম আৰু অতিৰিক্ত লাগেজ ৰাখিবলৈ সুৰক্ষিত কোঠাৰ ব্যৱস্থা আছে।

​√ Wi-Fi Connectivity: গোটেই চ’ৰাটোত হাই-স্পীড বিনামূলীয়া ৱাই-ফাই উপলব্ধ।

​ভাড়াৰ সঠিক তালিকা:

​যাত্ৰীসকলে নিজৰ প্ৰয়োজন অনুসৰি ঘণ্টাৰ হিচাপত পড বুক কৰিব পাৰে (দাম অলপ সালসলনি হ’ব পাৰে):

  • ​৬ ঘণ্টাৰ বাবে (6 Hours): ₹৫০০
  • ​১২ ঘণ্টাৰ বাবে (12 Hours): ₹৮০০
  • ​২৪ ঘণ্টাৰ বাবে (24 Hours): প্ৰায় ₹১,২০০ – ₹১,৫০০ (উপলব্ধতা অনুসৰি)

ট্ৰেইনৰ যাত্ৰা এতিয়া আৰু ভাগৰুৱা নহয়। গুৱাহাটী ষ্টেচনৰ এই নতুন পৰিৱৰ্তনে আমাৰ ভ্ৰমণৰ অভিজ্ঞতা সলাই পেলাব।

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যতিক্ৰমী পদক্ষেপ

জাগীৰোডত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যতিক্ৰমী পদক্ষেপ

জাগীৰোডত মন্ত্ৰী পীযুষ হাজৰিকাৰ ব্যতিক্ৰমী পদক্ষেপ ৷ দলীয় কৰ্মীক লগত লৈ প্ৰাতঃভ্ৰমণ মন্ত্ৰীৰ ৷ প্ৰাতঃভ্ৰমণৰ সময়তে কেইবাটাও স্থান পৰিদৰ্শন কৰাৰ লগতে জাগীৰোড চহৰৰ চাফচিকুণতা পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ জাগীৰোডখন অধিক স্বচ্ছ কৰি তোলাৰ বাবেই এই পদক্ষেপ মন্ত্ৰীগৰাকীৰ ৷ চাফচিকুণতাৰ দিশত পূৰ্বৰ তুলনাত জাগীৰোডখন যথেষ্ট আগবাঢ়িছে যদিও এইক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷

শিৱৰাত্ৰি আৰু প্ৰজন্মৰ চিন্তা

শিৱৰাত্ৰি আৰু প্ৰজন্মৰ চিন্তা

শিৱ। জগতৰ পালনকৰ্তা। কৈলাশৰ অধিপতি। তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত অতি সহজে সন্তুষ্ট হোৱা দেৱতা। আপোনভোলা। ভোলানাথ ৰূপে পূজিত। সংসাৰৰ প্ৰতি যেন ক’ৰবাত উদাসীন। সেয়ে হয়তো ৰজা যক্ষই যজ্ঞলৈ জনোৱা নাছিল আমন্ত্ৰণ। পৰিণতি ? সতীৰ আত্মাহুতি। সতীৰ দেহ লৈ শিৱৰ ব্ৰহ্মাণ্ড ভ্ৰমণ। সদাশিৱই হঠাতে যেন ধাৰণ কৰিছিল ৰুদ্ৰ ৰূপ। প্ৰেমিক শিৱ হৈছিল সংহাৰী। সেয়ে শিৱ হোৱা জানো সহজ ? উদাসীন হৈয়ো হ’ব লাগিব দুৰ্দান্ত প্ৰেমিক। আপোনাভোলা হৈয়ো কৰিব লাগিব চৰম ত্যাগ। আৰু নীলকণ্ঠ ? সাগৰ মন্থনত ওলোৱা বিশ্বৰ বাবে ক্ষতিকাৰক বিষো জানো পান কৰা নাছিল।

সময় বাগৰিল। সৰ্বত্ৰে মহাশিৱৰাত্ৰি উদ্ যাপন। পিছে শিৱৰাত্ৰিৰ নামত চলে কি ? বাবাৰ প্ৰসাদ বুলি মাত্ৰাধিক ভাং খাই ভণ্ডামী কৰে একাংশই। আধ্যাত্মিক প্ৰেমক উপলদ্ধি নকৰে। শিৱৰ ত্যাগ অনুধাৱন নকৰাকৈ শিৱৰাত্ৰি উদ্ যাপন কৰে তথাকথিত একাংশ ভক্তই । কেৱল সিমানেই নহয় মদ- ভাং খাই পৰিৱেশ বিনষ্ট কৰাৰ লগতে অপ্ৰীতিকৰ পৰিৱেশো সৃষ্টি কৰে। একেদৰে শাওণ মাহত একাংশই শিৱৰ আৰাধনাৰ নামত যিটো পৰিৱেশ ৰচনা কৰে ,তেনে পৰিৱেশ অসম মুলুকত বিগত ৫ বছৰৰ পূৰ্বে পৰিলক্ষিত হোৱা নাছিল।

সি যি কি নহওক, আমি পূৰ্বে উল্লেখ কৰিছোঁ শিৱ দুৰ্দান্ত প্ৰেমিক। যুগে যুগে এগৰাকীকে ভাল পাব পৰাটো জানো ইমান সহজ ? আমাৰ একাংশই আকৌ পশ্চিমীয়া সংস্কৃতিক অনুসৰণ কৰি সাপ্তাহিক কাৰ্যসূচীৰে প্ৰেমৰ দিন উদ্ যাপন কৰে । হৰ- গৌৰীৰ প্ৰেম জানো আদৰ্শ- অমল প্ৰেম নহয় ? এনে নিভাঁজ প্ৰেমৰ বন্দনা জানো হোৱা অনুচিত ?

মহাশিৱৰাত্ৰিতে সকলোৱে গভীৰভাৱে উপলব্ধি কৰক শিৱৰ ত্যাগ,শিৱৰ প্ৰেম। আধ্যাত্মিক চেতনাই সজীৱ কৰক নতুন প্ৰজন্মক।

বিশ্বৰ দৰবাৰত পুনৰ জিলিকিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰিমা দাস।

JCC

বিশ্বৰ দৰবাৰত পুনৰ জিলিকিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰিমা দাস। অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰা কৰি তেওঁৰ যাত্ৰাই এতিয়া লৈছে বিশ্বমুখী গতি।
এইগৰাকী সৃষ্টিশীল নাৰীয়ে পুনৰ এবাৰ বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত উজলাবলৈ সাজু হৈছে অসমৰ নাম

কৌটি টকাৰ বিশাল বাজেট নহয়, নামী-দামী অভিনেতাৰ দলো নহয় — তেওঁৰ শক্তি মাথোঁ এটি কেমেৰা আৰু বুকু ভৰা সাহস। নিজৰ অধ্যৱসায় আৰু সৃষ্টিশীলতাৰ জৰিয়তে তেওঁ ইতিমধ্যে বিশ্ব চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰিছে ৰীমা দাসে ।

ইয়াৰ আগতে তেওঁৰ প্ৰখ্যাত ছবি Village Rockstarsৰ জৰিয়তে অস্কাৰলৈকে অসমৰ নাম কঢ়িয়াই নিয়াৰ পিছত, এতিয়া পুনৰ ইতিহাস ৰচিবলৈ আগবাঢ়িছে ৰিমা দাস।

তেওঁৰ নতুন ছবি Not a Hero এইবাৰ বিশ্বৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ উৎসৱ Berlin International Film Festival ২০২৬ৰ ‘জেনেৰেচন’ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। আজি বাৰ্লিনত অনুষ্ঠিত হ’ব ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ।