JCC DIGITAL

শিৱসাগৰৰ পৰা বিশ্বলৈ — AI ৰে গঢ়া অসমীয়া গানৰ নতুন ইতিহাস

শিৱসাগৰৰ পৰা বিশ্বলৈ — AI ৰে গঢ়া অসমীয়া গানৰ নতুন ইতিহাস

শিৱসাগৰৰ পৰা বিশ্বলৈ — AI ৰে গঢ়া অসমীয়া গানৰ নতুন ইতিহাস

থাওৰা অঞ্চলৰ এহাল ভাতৃ-ভগ্নীয়ে প্ৰমাণ কৰি দিলে —
প্ৰযুক্তি আৰু প্ৰতিভা একেলগ হ’লে অসাধ্যও সাধ্য হয়

“নদী মোৰ প্ৰথম ভাল পোৱা” — AI অসমীয়া গীতৰ ধুমুহা

মাত্ৰ দুসপ্তাহত ১০ লাখ+ Views* — এয়া সাধাৰণ কথা নহয়!
. ব্যাপক জনপ্ৰিয়তা — ইউটিউব, ইনষ্টা, ফেচবুক সকলোতে Trending
. AI ৰে নিৰ্মিত প্ৰথম অসমীয়া গীত যিয়ে লাখ লাখ হৃদয় চুই গ’ল

কিয় ইমান জনপ্ৰিয় হ’ল গীতটো?
. আৱেগ: “নদী মোৰ প্ৰথম ভাল পোৱা” — নদীকেন্দ্ৰিক অসমীয়া জীৱনৰ সৈতে প্ৰতিজন অসমীয়াৰ নাড়ীৰ টান
. সুৰ আৰু কথা: AI ৰে বনোৱা হ’লেও সম্পূৰ্ণ থলুৱা সোৱাদ, অসমীয়া মাটিৰ গোন্ধ
. নতুনত্ব: পৰম্পৰা আৰু প্ৰযুক্তিৰ সুন্দৰ মিলন — AI এ কাঢ়ি নিয়া নাই, বৰং অসমীয়া গীতক নতুন পাখি দিছে

শিৱসাগৰৰ নৱনীতা চেতিয়া আৰু অভিজিৎ লুথুৰি চেতিয়া পাটৰ নামৰ ভাতৃ-ভগ্নীহাললৈ আন্তৰিক অভিনন্দন 🙏🎉
আপোনালোকে দেখুৱাই দিলে — গাঁৱৰ পৰাও গ্ল’বেল হ’ব পাৰি
লেপটপ এটা আৰু সৃষ্টিশীল মন এটা থাকিলেই যথেষ্ট

এই সফলতাই হাজাৰজন নতুন শিল্পীক অনুপ্ৰাণিত কৰিব
AI কোনো ভাবুকি নহয়, ই এক আহিলা —
আমাৰ ভাষা, আমাৰ সুৰ, আমাৰ গল্পক বিশ্ব দৰবাৰত তুলি ধৰাৰ আহিলা

“নদী মোৰ প্ৰথম ভাল পোৱা” ৰ দৰে আৰু হাজাৰটা গীত হওক
অসমীয়া AI ৰে জীয়াই থাকক, জিলিকি থাকক

অসমত অতি শীঘ্ৰেই স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমটো মোবাইল ফোন নিৰ্মাণ ইউনিট

অসমত অতি শীঘ্ৰেই স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমটো মোবাইল ফোন নিৰ্মাণ ইউনিট। এই উদ্যোগ আৰম্ভ হ’লে এতিয়াৰ পৰা “Made in India”ৰ লগতে “Made in Assam” টেগো দেখিবলৈ পোৱা যাব মোবাইল ফোনত।

এই মোবাইল ফোন মেনিফেকচাৰিং ইউনিটে অসমৰ উদ্যোগ খণ্ডলৈ আনিব নতুন গতি। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে সৃষ্টি হ’ব বহুতো কৰ্মসংস্থাপনৰ সুবিধা। ইয়াৰ ফলত স্থানীয় যুৱক-যুৱতীয়ে ৰাজ্যৰ ভিতৰতে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে

কেৱল মোবাইল ফোন উৎপাদনেই নহয়, আগন্তুক দিনত ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰতো অসমে আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে।

উন্নয়ন আৰু উদ্যোগীকৰণৰ এই নতুন পদক্ষেপে অসমক আত্মনিৰ্ভৰ অৰ্থনীতিৰ দিশে আগুৱাই নিয়াৰ সম্ভাৱনা দেখা গৈছে।

শিৱৰাত্ৰি আৰু প্ৰজন্মৰ চিন্তা

শিৱৰাত্ৰি আৰু প্ৰজন্মৰ চিন্তা

শিৱ। জগতৰ পালনকৰ্তা। কৈলাশৰ অধিপতি। তেত্ৰিশ কৌটি দেৱতাৰ ভিতৰত অতি সহজে সন্তুষ্ট হোৱা দেৱতা। আপোনভোলা। ভোলানাথ ৰূপে পূজিত। সংসাৰৰ প্ৰতি যেন ক’ৰবাত উদাসীন। সেয়ে হয়তো ৰজা যক্ষই যজ্ঞলৈ জনোৱা নাছিল আমন্ত্ৰণ। পৰিণতি ? সতীৰ আত্মাহুতি। সতীৰ দেহ লৈ শিৱৰ ব্ৰহ্মাণ্ড ভ্ৰমণ। সদাশিৱই হঠাতে যেন ধাৰণ কৰিছিল ৰুদ্ৰ ৰূপ। প্ৰেমিক শিৱ হৈছিল সংহাৰী। সেয়ে শিৱ হোৱা জানো সহজ ? উদাসীন হৈয়ো হ’ব লাগিব দুৰ্দান্ত প্ৰেমিক। আপোনাভোলা হৈয়ো কৰিব লাগিব চৰম ত্যাগ। আৰু নীলকণ্ঠ ? সাগৰ মন্থনত ওলোৱা বিশ্বৰ বাবে ক্ষতিকাৰক বিষো জানো পান কৰা নাছিল।

সময় বাগৰিল। সৰ্বত্ৰে মহাশিৱৰাত্ৰি উদ্ যাপন। পিছে শিৱৰাত্ৰিৰ নামত চলে কি ? বাবাৰ প্ৰসাদ বুলি মাত্ৰাধিক ভাং খাই ভণ্ডামী কৰে একাংশই। আধ্যাত্মিক প্ৰেমক উপলদ্ধি নকৰে। শিৱৰ ত্যাগ অনুধাৱন নকৰাকৈ শিৱৰাত্ৰি উদ্ যাপন কৰে তথাকথিত একাংশ ভক্তই । কেৱল সিমানেই নহয় মদ- ভাং খাই পৰিৱেশ বিনষ্ট কৰাৰ লগতে অপ্ৰীতিকৰ পৰিৱেশো সৃষ্টি কৰে। একেদৰে শাওণ মাহত একাংশই শিৱৰ আৰাধনাৰ নামত যিটো পৰিৱেশ ৰচনা কৰে ,তেনে পৰিৱেশ অসম মুলুকত বিগত ৫ বছৰৰ পূৰ্বে পৰিলক্ষিত হোৱা নাছিল।

সি যি কি নহওক, আমি পূৰ্বে উল্লেখ কৰিছোঁ শিৱ দুৰ্দান্ত প্ৰেমিক। যুগে যুগে এগৰাকীকে ভাল পাব পৰাটো জানো ইমান সহজ ? আমাৰ একাংশই আকৌ পশ্চিমীয়া সংস্কৃতিক অনুসৰণ কৰি সাপ্তাহিক কাৰ্যসূচীৰে প্ৰেমৰ দিন উদ্ যাপন কৰে । হৰ- গৌৰীৰ প্ৰেম জানো আদৰ্শ- অমল প্ৰেম নহয় ? এনে নিভাঁজ প্ৰেমৰ বন্দনা জানো হোৱা অনুচিত ?

মহাশিৱৰাত্ৰিতে সকলোৱে গভীৰভাৱে উপলব্ধি কৰক শিৱৰ ত্যাগ,শিৱৰ প্ৰেম। আধ্যাত্মিক চেতনাই সজীৱ কৰক নতুন প্ৰজন্মক।

বিশ্বৰ দৰবাৰত পুনৰ জিলিকিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰিমা দাস।

JCC

বিশ্বৰ দৰবাৰত পুনৰ জিলিকিছে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰিমা দাস। অসমৰ এখন ভিতৰুৱা গাঁৱৰ পৰা কৰি তেওঁৰ যাত্ৰাই এতিয়া লৈছে বিশ্বমুখী গতি।
এইগৰাকী সৃষ্টিশীল নাৰীয়ে পুনৰ এবাৰ বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত উজলাবলৈ সাজু হৈছে অসমৰ নাম

কৌটি টকাৰ বিশাল বাজেট নহয়, নামী-দামী অভিনেতাৰ দলো নহয় — তেওঁৰ শক্তি মাথোঁ এটি কেমেৰা আৰু বুকু ভৰা সাহস। নিজৰ অধ্যৱসায় আৰু সৃষ্টিশীলতাৰ জৰিয়তে তেওঁ ইতিমধ্যে বিশ্ব চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰিছে ৰীমা দাসে ।

ইয়াৰ আগতে তেওঁৰ প্ৰখ্যাত ছবি Village Rockstarsৰ জৰিয়তে অস্কাৰলৈকে অসমৰ নাম কঢ়িয়াই নিয়াৰ পিছত, এতিয়া পুনৰ ইতিহাস ৰচিবলৈ আগবাঢ়িছে ৰিমা দাস।

তেওঁৰ নতুন ছবি Not a Hero এইবাৰ বিশ্বৰ অন্যতম সন্মানীয় চলচ্চিত্ৰ উৎসৱ Berlin International Film Festival ২০২৬ৰ ‘জেনেৰেচন’ শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। আজি বাৰ্লিনত অনুষ্ঠিত হ’ব ছবিখনৰ বিশ্ব প্ৰিমিয়াৰ।