JCC DIGITAL

আজি তাঁতৰ বিহু,, -সমীন মালাকৰ-আজি ব’হাগ বিহুৰ চতুৰ্থ দিন। *শিপিনী বিহু*, *তাঁতৰ বিহু*, *চেনেহী বিহু*। নাম বেলেগ হ’লেও মৰম একেটাই।যিসকল শিপিনীৰ হাতৰ পৰশত এডাল সূতা হৈ পৰে মৰমৰ দীঘ, যিসকলৰ তাঁতশালত বোৱা হয় চেনেহৰ বাণী, যিসকলে তিতা-মিঠা স্মৃতিৰে এখনকৈ ফুলাম গামোচা বৈ উলিয়ায়। আজি সেইসকলৰ দিন।সৰুক মৰম দিবলৈ, ডাঙৰক সেৱা জনাবলৈ, আপোনজনক ওচৰ চপাবলৈ বিহুৱানৰ দৰে উপহাৰ জানো আন আছে? এডোখৰ ফুলাম গামোচাত অসমীয়াৰ আত্মা থাকে, পৰম্পৰা থাকে, শিপিনীৰ চেনেহ থাকে।আজিৰ দিনটোত প্ৰতিগৰাকী শিপিনীলৈ শ্ৰদ্ধা। যি আইতাই ৰাতি চাকিৰ পোহৰত মাকো মাৰে, যি মায়ে ল’ৰা-ছোৱালীক এৰি তাঁতত বহে, যি ভনীয়ে পঢ়াৰ মাজতে ফুল বাচে। আপোনালোকৰ বাবেই বিহুখন ৰঙীন। আপোনালোকৰ বাবেই সংস্কৃতি জীয়াই আছে।*শিপিনী বিহুৰ আন্তৰিক শুভেচ্ছা*। তাঁতৰ খটখট শব্দইৰে জীপাল হৈ থাকক প্ৰতিখন পদূলি। মাকোৰে মাকোৱে বোৱা হওক নতুন সপোন, নতুন আশা।

Leave a Comment