JCC DIGITAL

চৰ্চাত জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ পোৱালী পাঞ্চ

জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ

২০২৫ চনৰ জুলাই মাহত জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ পোৱালী—নাম পাঞ্চ জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ। জন্মৰ মুহূৰ্তটো আনন্দৰ হ’ব লাগিছিল যদিও, ভাগ্যই পাঞ্চৰ বাবে আনিছিল এক কঠিন আৰম্ভণি। জন্মৰ পিছতেই তাৰ মাকে তাক ত্যাগ কৰে। জীৱনৰ একেবাৰে আৰম্ভণিতেই মাকৰ মৰম, উষ্ণতা আৰু সুৰক্ষাৰ পৰা বঞ্চিত হৈ সৰু পাঞ্চ এক নিৰ্জন বাস্তৱতাৰ সন্মুখীন হয়।


চিৰিয়াখানাৰ কৰ্মচাৰীসকলে পাঞ্চৰ এই অৱস্থা গভীৰভাৱে লক্ষ্য কৰে। মাকৰ সংস্পৰ্শ অবিহনে এটি পোৱালীৰ মানসিক আৰু শাৰীৰিক বিকাশত প্ৰভাৱ পৰিব পাৰে বুলি তেওঁলোকে জানিছিল। সেইকাৰণে তেওঁলোকে পাঞ্চৰ বাবে মানসিক সান্ত্বনাৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লয়।
এই উদ্দেশ্যে তেওঁলোকে পাঞ্চক দিয়ে এটা ডাঙৰ, কোমল আৰু মৰমলগা পুতলা—IKEA Djungelskog অৰাংউটাং। সাধাৰণতে এই পুতলাটো শিশু সকলৰ খেলনা হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু পাঞ্চৰ বাবে এইটো হৈ পৰে কেৱল খেলনা নহয়, বৰঞ্চ মাকৰ বিকল্প এক আশ্ৰয়।


প্ৰথমতে পাঞ্চে পুতলাটোক কৌতূহলভাৱে চাইছিল। লাহে লাহে সি পুতলাটোৰ কাষ চাপি আহিবলৈ ধৰে। পাঞ্চে পুতলাটোক সাৱটি ধৰি থাকে । যেনেকৈ এটি শিশুৱে নিজৰ মাকৰ কোলাত আশ্ৰয় লয়, ঠিক তেনেকৈ পাঞ্চে পুতলাটোক বুকুত চেপি ধৰে, কেতিয়াবা তাৰ কাষতে বহি থাকে, আন কেতিয়াবা তাৰ গাত মূৰ ৰাখি টোপনি যায়।
কৰ্মচাৰীসকলে লক্ষ্য কৰিছে যে পুতলাটো পোৱাৰ পিছত পাঞ্চৰ আচৰণত ইতিবাচক পৰিবর্তন আহিছে। আগতে যি পাঞ্চ অস্থিৰ আৰু আতংকিত যেন লাগিছিল, এতিয়া সি কিছু অধিক শান্ত আৰু নিৰাপদ অনুভৱ কৰে। পুতলাটো যেন তাৰ বাবে এক মানসিক সম্বল, এক নীৰৱ সঙ্গী।

জাপানৰ Ichikawa City Zoo-ত জন্ম হোৱা এটা সৰু বান্দৰ পাঞ্চ


এই হৃদয়স্পৰ্শী দৃশ্যবোৰ এতিয়া সামাজিক মাধ্যমত দ্ৰুতগতিত চৰ্চিত হৈ পৰিছে। পাঞ্চে পুতলাটোক সাৱটি ধৰি থকা ছবি আৰু ভিডিঅ’ বিশ্বজুৰি অসংখ্য মানুহে শ্বেয়াৰ কৰিছে।
সৰু পাঞ্চৰ কাহিনীয়ে এটা গভীৰ বাৰ্তা বহন কৰে। মমতা, যত্ন আৰু স্নেহ—এইবোৰ কেৱল মানুহৰ মাজতেই সীমাবদ্ধ নহয়। জীৱ-জন্তুৰ বাবেও এইবোৰ সমানেই প্ৰয়োজনীয়। কেতিয়াবা এটা সৰু কোমল পুতলাও হ’ব পাৰে এটা সৰু জীৱনৰ আটাইতকৈ ডাঙৰ আশ্ৰয়। পাঞ্চৰ এই যাত্ৰাই আমাক সোঁৱৰাই দিয়ে—মৰমেই হৈছে পৃথিৱীৰ আটাইতকৈ শক্তিশালী শক্তি।

চৰ্চাত সাংসদ ৰাঘৱ ছাদ্দা,

চৰ্চাত সাংসদ ৰাঘৱ ছাদ্দা,

ৰাঘৱ ছাদ্দাই সাংসদত শেহতীয়াকৈ মোবাইল আৰু SIM কাৰ্ডৰ সন্দৰ্ভত যি প্ৰশ্ন বা অভিযোগ উত্থাপন কৰিছে, সেইটো অতি সাধাৰণ নাগৰিকৰ দৈনন্দিন সমস্যাৰ সৈতে জড়িত। তেওঁ ৰাজ্যসভাত এই বিষয়টো তুলি ধৰি কৈছে যে “SIM মোৰ, ফোন মোৰ — তেন্তে incoming call কিয় block হয়?” অৰ্থাৎ, যেতিয়া balance শেষ হয় বা planৰ validity শেষ হয়, তেতিয়া outgoing call বন্ধ হোৱাটো বুজিব পাৰি, কিন্তু incoming call বন্ধ কৰি দিয়াটো অন্যায় আৰু অযুক্তিকৰ।

শেহতীয়া সোচিয়েল মিডিয়া পোষ্ট আৰু ভিডিঅ’সমূহত দেখা গৈছে যে সাংসদ ৰাঘৱ ছাদ্দাই ৰাজ্যসভাত Zero Hour বা অন্য আলোচনাত এই বিষয় উত্থাপন কৰিছে। তেওঁৰ মূল যুক্তি:
মোবাইল ফোন আৰু SIM কাৰ্ড গ্ৰাহকৰ নিজৰ সম্পত্তি।
Outgoing call বন্ধ হোৱাটো বুজা যায় কাৰণ ইয়াৰ বাবে টকা খৰচ হয়।
কিন্তু incoming call বন্ধ কৰিলে গ্ৰাহকে কোনো অতিৰিক্ত খৰচ নকৰে, তথাপিও টেলিকম কোম্পানীয়ে (Jio, Airtel, Vi আদি) block কৰি দিয়ে।
ইয়াৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকৰ অসুবিধা হয় — জৰুৰীকালীন ফোন, পৰিয়ালৰ খবৰ, চাকৰিৰ ফোন আদি আহিব নোৱাৰে।
কিছুমান ক্ষেত্ৰত incoming call ৰ বাবেও charge লোৱাৰ অভিযোগ উঠিছে, যিটো সম্পূৰ্ণ অন্যায়।
এই প্ৰশ্নই গ্ৰাহক অধিকাৰ transparency আৰু telecom নিয়মৰ দুৰ্বলতাক প্ৰকাশিত কৰিছে। ভাৰতত TRAI (Telecom Regulatory Authority of India) ৰ নিয়ম অনুসৰি incoming call সাধাৰণতে free হ’ব লাগে, কিন্তু validity শেষ হ’লে নিয়মৰ বাহিৰত outgoing ৰ লগতে incoming ও বন্ধ হোৱাৰ প্ৰথা চলি আছে।

সাংসদ ৰাঘৱ ছাদ্দাৰ এই পদক্ষেপ অত্যন্ত প্রশংসনীয়। তেওঁ সংসদক “common man’s megaphone” হিচাপে ব্যৱহাৰ কৰি দৈনন্দিন সমস্যাসমূহ তুলি ধৰিছে — যেনে toxic food, airport prices, spam calls, আৰু এতিয়া mobile-SIM rules। এইটো দেখুৱাই যে ৰাজনীতিক সকলে কেৱল বৃহৎ বিষয় নহয়, সাধাৰণ মানুহৰ সৰু-সৰু অসুবিধাবোৰক গুৰুত্ব দিব লাগে।

কিয় এই নিয়ম অন্যায়?

অসমতা সৃষ্টি কৰে — ধনী লোকে সহজে recharge কৰিব পাৰে, কিন্তু গৰীবে নোৱাৰে। ফলত তেওঁলোকে সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰে।

জৰুৰীকালীনত বিপদ — দুৰ্ঘটনা, চিকিৎসা, পৰিয়ালৰ সমস্যাত incoming call অতি প্ৰয়োজনীয়।

টেলিকম কোম্পানীৰ একচেটিয়া — জনসাধাৰণৰ ওপৰত চাপ সৃষ্টি কৰি অধিক recharge কৰিবলৈ বাধ্য কৰে, যিটো consumer exploitation।
TRAIৰ নিয়মৰ লঙ্ঘন — Incoming call free হোৱাৰ নিয়ম থকা সত্ত্বেও validityৰ নামত block কৰাটো loophole ৰ ব্যৱহাৰ।

মোৰ দৃষ্টিভংগীত চৰকাৰ আৰু TRAIয়ে অতি শীঘ্ৰে এই নিয়ম সংশোধন কৰিব লাগে। সম্ভাৱ্য সমাধান:
Incoming call সদায় free ৰাখক — validity শেষ হ’লেও কম্তে incoming কল, SMS আৰু emergency services (100, 108, 112 আদি) চলি থাকিব লাগে।
Grace period — validity শেষৰ পিছত ৭-১৫ দিনৰ grace period দিয়ক যাতে incoming চলি থাকে আৰু গ্ৰাহকে recharge কৰিব পাৰে।

কঠোৰ নিয়ন্ত্ৰণ — টেলিকম কোম্পানীক incoming blockৰ বাবে penalty দিয়ক।

Alternative plans — সস্তা incoming-only plans চলাওক, যেনে কিছুমান দেশত আছে।
এই পৰিৱৰ্তনে লাখ লাখ দৰিদ্ৰ আৰু মধ্যবিত্তক সকাহ দিব। ভাৰতৰ ডিজিটেল ইণ্ডিয়াৰ যুগত connectivity এটা মৌলিক অধিকাৰৰ দৰে হ’ব লাগে, নহয় মাত্ৰ এটা ব্যৱসায়িক সুবিধা।

সাংসদ ৰাঘৱ ছাদ্দাৰ এই প্ৰশ্নই দেখুৱাইছে যে সংসদত সাধাৰণ মানুহৰ কণ্ঠ উঠিব পাৰে। ইয়াক লৈ চৰকাৰে জবাবদিহি দিব লাগিব। যদি এই নিয়ম সলনি হয়, তেন্তে ই এটা ডাঙৰ বিজয় হ’ব গ্ৰাহক অধিকাৰৰ। মোৰ মতে, এনে সাহসী প্ৰশ্নই গণতন্ত্ৰক অধিক শক্তিশালী কৰে আৰু দেখুৱাই যে ৰাজনীতি কেৱল ক্ষমতাৰ খেলা নহয়, সেৱাৰ মাধ্যম।

উৎস-ফেচবুক সংগ্ৰহ

উখল-মাখল জাগীৰোডৰ চগ্ৰাছালৰ বাকৰি

ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি

ৰাজ্যৰ বিভিন্ন জনজাতিৰ কৃষ্টি-সংস্কৃতিৰে আজি জীপাল হৈ পৰিছে জাগীৰোডৰ সাংস্কৃতিক ক্ষেত্ৰ চগ্ৰাছালৰ বাকৰি । সোণাইকুছি পাহাৰৰ প্ৰকৃতিৰ মনোৰম পৰিৱেশত এই চগ্ৰাছালত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক সাংস্কৃতিক সমাৰোহ ।

ৰাজ্যৰ বিভিন্ন জনজাতিৰ সহস্ৰাধিক শিল্পী প্ৰতিনিধিৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশত পুৱা পতাকা উত্তোলন কৰে অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেৱেন্দ্ৰ নাথ বসুমতাৰীয়ে । স্মৃতি তৰ্পণ কৰে তিৱা মাথনলাই তখ্ৰাৰ সভাপতি হৰচিং খলাৰে । তিৱা সমাজৰ পৰম্পৰাগত চ্যামাদি অৰ্থাৎ ডেকা চাং উদ্বোধন কৰে জনজাতি গৱেষণা প্ৰতিষ্ঠান গুৱাহাটীৰ জ্যেষ্ঠ বিষয়া ডঃ অসীম বৰাই ।

তিৱা সকলৰ ন-পাৰ অৰ্থাৎ বৰঘৰ উদ্বোধন কৰে জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগে। জনজাতীয় মেলা উদ্বোধন কৰে জাগীৰোড ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰবীন ডেকাই আৰু জনজাতিৰ গ্ৰন্থ বিপনী মুকলি কৰে বিশিষ্ট সাহিত্যিক অকন দেৱীয়ে । সমাৰোহত তিৱা, বড়ো, কাৰ্বি , মিছিং , ৰাভা , সোণোৱাল কছাৰী, মেচ কছাৰী, হাজং, ৰেংমা , ডিমাছা কৃষ্টি দল সমূহে অনুষ্ঠান পৰিৱেশন কৰি এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে ।

আপুনি বাৰু জানেনে পুৰুষে বাওঁহাতত আৰু মহিলাই কিয় সোঁহাতত ঘড়ী পিন্ধে

পুৰুষে বাওঁহাতত আৰু মহিলাই কিয় সোঁহাতত ঘড়ী পিন্ধে

আমাৰ সমাজত এটা ধাৰণা বহু দিন ধৰি চলি আহিছে—পুৰুষে বাওঁহাতত আৰু মহিলাই সোঁহাতত ঘড়ী পিন্ধে। বহুতে ইয়াক এক ধৰণৰ “নিয়ম” বুলি ভাবে। কিন্তু আচলতে ইয়াৰ সৈতে কোনো লিংগভেদ জড়িত নহয়; ইয়াৰ আঁৰত আছে কিছুমান বাস্তৱিক আৰু ব্যৱহাৰিক যুক্তি


প্ৰথম যুক্তিটো হৈছে সুৰক্ষা আৰু সুবিধা। পৃথিৱীৰ প্ৰায় ৯০ শতাংশ মানুহেই সোঁহাতীয়া। আমি দৈনন্দিন কাম-কাজ—যেনে খোৱা, লেখা, গধুৰ বস্তু উঠোৱা আদি—সাধাৰণতে সোঁহাতেৰে কৰোঁ। সেয়ে কাম কৰাৰ সময়ত যাতে ঘড়ীটো আঁচ নাখায় বা ক্ষতি নহয়, তাৰ বাবে অধিকাংশ লোকে সোঁহাতৰ বিপৰীত হাত অৰ্থাৎ বাওঁহাতত ঘড়ী পিন্ধাটো সুবিধাজনক বুলি ভাবে।


দ্বিতীয় যুক্তিটো জড়িত আছে ঘড়ীৰ ডিজাইনৰ সৈতে। পুৰণি মেকানিকেল ঘড়ীবোৰত সময় মিলাবলৈ যি চাবি বা ক্ৰাউন ব্যৱহাৰ কৰা হয়, সেয়া সাধাৰণতে সোঁফালে থাকে। যদি ঘড়ীটো বাওঁহাতত পিন্ধা হয়, তেন্তে সোঁহাতেৰে সেই চাবিটো সহজে ঘূৰাব পাৰি। কিন্তু সোঁহাতত পিন্ধিলে বাওঁহাতেৰে সময় মিলোৱা অলপ অসুবিধাজনক হয়। এই ব্যৱহাৰিক কাৰণতেই পুৰুষসকলৰ মাজত বাওঁহাতত ঘড়ী পিন্ধাৰ প্ৰচলন বেছি দেখা যায়।


মহিলাসকলৰ ক্ষেত্ৰত সোঁহাতত ঘড়ী পিন্ধাৰ অভ্যাসটো মূলতে এটা ফেশ্যন-এথিকেট হিচাপে গঢ় লৈছিল। আগৰ দিনত বহু মহিলা বাওঁহাতত অধিক অলংকাৰ পিন্ধিছিল। অলংকাৰৰ সৈতে খুন্দা নলাগিবলৈ আৰু ঘড়ীৰ সময় স্পষ্টকৈ দেখা পাবলৈ তেওঁলোকে সোঁহাতত ঘড়ী পিন্ধা আৰম্ভ কৰিছিল।


শেষত ক’ব পাৰি—ঘড়ী পিন্ধাৰ ক্ষেত্ৰত ল’ৰা বা ছোৱালী বুলি কোনো নিৰ্দিষ্ট নিয়ম নাই। আপুনি যিখন হাতেৰে বেছি কাম কৰে, তাৰ বিপৰীত হাতত ঘড়ী পিন্ধিলেই সেয়া অধিক সুবিধাজনক। বিষয়টো একেবাৰে সাধাৰণ—ইয়াত লিংগভেদৰ কোনো স্থান নাই।

অসমত অতি শীঘ্ৰেই স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমটো মোবাইল ফোন নিৰ্মাণ ইউনিট

অসমত অতি শীঘ্ৰেই স্থাপন কৰা হ’ব ৰাজ্যৰ প্ৰথমটো মোবাইল ফোন নিৰ্মাণ ইউনিট। এই উদ্যোগ আৰম্ভ হ’লে এতিয়াৰ পৰা “Made in India”ৰ লগতে “Made in Assam” টেগো দেখিবলৈ পোৱা যাব মোবাইল ফোনত।

এই মোবাইল ফোন মেনিফেকচাৰিং ইউনিটে অসমৰ উদ্যোগ খণ্ডলৈ আনিব নতুন গতি। বিশেষকৈ ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে সৃষ্টি হ’ব বহুতো কৰ্মসংস্থাপনৰ সুবিধা। ইয়াৰ ফলত স্থানীয় যুৱক-যুৱতীয়ে ৰাজ্যৰ ভিতৰতে কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে

কেৱল মোবাইল ফোন উৎপাদনেই নহয়, আগন্তুক দিনত ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰতো অসমে আগবাঢ়ি যোৱাৰ সম্ভাৱনা দেখা গৈছে।

উন্নয়ন আৰু উদ্যোগীকৰণৰ এই নতুন পদক্ষেপে অসমক আত্মনিৰ্ভৰ অৰ্থনীতিৰ দিশে আগুৱাই নিয়াৰ সম্ভাৱনা দেখা গৈছে।

আজি প্ৰেমৰ দিন আৰু আজি ফাগুনৰো প্ৰথম দিন

আজি প্ৰেমৰ দিন
আজি বিশ্বাসৰ দিন
আজি আস্থাৰ দিন
আজি অনুভৱৰ দিন
আজি মন ফাগুনী চিলা হৈ উৰাৰ দিন

হয় আজি এটা বিশেষ দিন। কাৰোবাৰ বাবে প্ৰেমৰ দিন, আৰু আজি ফাগুনৰো প্ৰথম দিন।

হৃদয়ৱানসকলক পছোৱাৰ দৰে চুই যোৱা এটা শব্দ হৈছে প্ৰেম। প্ৰেমৰ বাবেই নিজকে সুকীয়াকৈ সজাব পাৰি। আনে কৰিব নোৱৰা বহু কাম বৰ সহজেই কৰিব পাৰি। আনকি প্ৰেমৰ বাবেই গীতৰ কলি গুণগুণাব পাৰি।কবিতাও লিখিব পাৰি। সেইবাবে চাগে কবিয়ে কৈছিল —
প্ৰেমত ঘূৰিছে ভূ- মণ্ডল
প্ৰেমত ফুলিছে শতদল।

আনহাতে প্ৰেমে হঁহুৱাই, প্ৰেমে কন্দুৱাই।প্ৰেমে পৃথিৱীক ভাল পাবলৈ শিকায়।প্ৰেমে শিকাই অভিমানৰ অধ্যায় পঢ়িবলৈ।প্ৰেম যে এনেকুৱাই।
সেইবাবে বহুতেই ভাৱে প্ৰেম উদ্ যাপনৰ বাবে বিশেষ দিন নিস্প্ৰয়োজন। প্ৰতিটো পলেই অনুভৱ কৰিব পাৰি প্ৰেমৰ মহত্ব, মাথোঁ প্ৰয়োজন দুখন হৃদয়ৰ আকুল আহ্বান …
কবিয়ে ক’বৰ দৰেই
-প্ৰেমৰ কোনো বিশেষ দিন নাথাকে
প্ৰেমৰ সেউজীয়া চোলাটো পিন্ধিবলে
দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ নকৰে হৃদয়ে
মাথোঁ প্ৰেমৰ অনুভূতি বৈ থাকে
খৰালিৰ কলং-কপিলীৰ দৰেই
নীৰলে
বুকুৱে বুকুৱে …
ফাগুনী পচোৱাজাকে
যেন তাকেই ক’লে
পলাশ-শিমলুৰ কাণে কাণে …

আনহাতে ধূসৰ জীৱনো ৰঙীণ কৰে বাবেই গোলাপৰ আছে সুকীয়া গুৰুত্ব। সেইবাবে চাগে গোলাপৰ আদান- প্ৰদানেৰে আৰম্ভ হয় প্ৰেমৰ সপ্তাহ। গোলাপৰ সুবাসত মতলীয়া, কিটকেট, ডায়েৰী মিল্কৰ সোৱাদত উন্মনা , প্ৰতিশ্ৰুতিৰ পাহাৰ বগোৱা কিমানৰ যে ভেলেণ্টাইন হোৱাৰ দুৰন্ত বাসনা … চকুৰ পচাৰতে হৈ পৰে ‘বাবু আৰু মাইনা’…লাইক -কমেণ্টৰ বৰষুণত জীপাল হয় ফে’চবুক উপত্যকা…

ইফালে সময়ৰ আঁচোৰ লাগি, প্ৰযুক্তিৰ প্ৰভাৱত সম্প্ৰতি প্ৰেমৰ সম্পৰ্কত ঘূণে ধৰিবলৈ লৈছে। একাংশ বাবু- মাইনাৰ দৌৰাত্মত প্ৰেমৰ প্ৰতি বহুতৰেই বিতৃষ্ণা উপজিছে। আজিৰ তাৰিখত বহুতেই বৰ সহজেই চিঙিব পাৰে প্ৰেমৰ বান্ধোন। পিছে প্ৰেম জানো ইমান তৰল ! কবি কীটচৰ ভাষাৰেই – মই মৃত্যুৰ কথা কল্পনা কৰিবলৈ পাৰোঁ কিন্তু তুমি মোক এৰি যোৱাৰ কথাই কল্পনা ই কৰিব নোৱাৰোঁ।”

অৱশ্যে তাৰমাজতো সঁচা প্ৰেম আজিয়ো আছে। নিৰাশাৰ আচ্ছাদন ফালি এআকাশ প্ৰেৰণা সিচি, যিয়ে সলাই দিব পাৰে প্ৰেমাস্পদৰ জীৱনৰ গতি। হাজাৰ ধুমুহাৰ মাজতো প্ৰেমাস্পদৰ হাতত ধৰি কণ্টকময় জীৱনৰ বাটত আশাৰ তাজমহল সাজি আগবাঢ়িব খোজে এখুজি দুখুজি … সেইবাবে চাগে কবিয়ে কৈছে-
প্ৰেম জানো শেলুৱৈ
য’তে ত’তে গজি উঠিবলে
প্ৰেম জীৱন চাকিৰ শলিতা
যিয়ে পোহৰাই তোলে
মৃত্যু উপত্যকা !

আজি 14ফেব্ৰুৱাৰী। আজি অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

jcc_modi

আজি 14ফেব্ৰুৱাৰী। আজি অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী।আজিৰ এই বিশেষ দিনটোত ৰাজ্যবাসীক কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক উপহাৰ আগবঢ়াব প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে উল্লেখযোগ্য উপহাৰ হিচাপে গুৱাহাটীৰ সৈতে উত্তৰ গুৱাহাটী সংযোগ কৰা নৱনিৰ্মিত দলং ৰাইজৰ বাবে উৎসৰ্গা কৰিব

এই দলঙে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাত প্ৰদান কৰিব নতুন গতি ।

আনহাতে শিক্ষাক্ষেত্ৰতো সূচনা হ’ব নতুন দিগন্তৰ। গুৱাহাটীত স্থাপন হ’ব দেশৰ ২২ সংখ্যক ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান —অৰ্থাৎ Indian Institute of Management

গুৱাহাটী মহানগৰীক অধিক শক্তিশালী শিক্ষাকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ
কেন্দ্ৰীয় চৰকাৰে এই আই আই এম স্থাপনৰ বাবে ৫৫৫ কোটি টকাৰ এক বিশাল ধনৰাশি আবণ্টন কৰিছে। আজি প্ৰধান মন্ত্ৰী গৰাকীয়ে ইয়াৰ অস্থায়ী কেম্পাছৰো কৰিব আনুষ্ঠানিক উদ্বোধন ।

চলিত বৰ্ষৰ পৰাই প্ৰতিষ্ঠানখনত শিক্ষাৰ্থীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব । এই নতুন আই আই এমে অসমৰ শিক্ষাৰ্থীসকলৰ বাবে মেনেজমেন্ট শিক্ষাৰ নতুন দুৱাৰ মুকলি কৰিব।
, আই আই টি আৰু আই আই এমৰ সংযোগে অসমত নতুন উদ্যোগ, উদ্যমিতা আৰু অৰ্থনৈতিক বিকাশৰ পথ মুকলি কৰিব।

লগতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ মৰাণত দেশৰ বায়ুসেনাৰ জৰুৰীকালীন অৱতৰণৰ বাবে সাজু কৰা বিশেষ ৰাষ্ট্ৰীয় ঘাইপথো মুকলি কৰিব,,

সেয়ে আজিৰ দিনটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হৈছে।